Shuru
Apke Nagar Ki App…
দেওবাৰে অসম মৰাণ সভাৰ ৰাইডাঙ শাখা সমিতিৰ উদ্যোগত ৰাইডাঙ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত এক শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। সম্বৰ্ধনা অনুষ্ঠানটি কান্তেশ্বৰ মৰানে পৰিচালনা কৰে, যি সভাত নিৰ্দিষ্ট বক্তা হিচাপেও উপস্থিত আছিল। এই অনুষ্ঠানত মৰাণ শৈক্ষিক বিকাশ মঞ্চৰ উপ-সভাপতি যুগ্য ফুকন, অসম মৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কুসুম্বৰ নেওগ, বৰ্তমানৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ৰাজু মৰাণ, উপ-সভাপতি প্ৰদীপ নেওগ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
জেৰিণা আৰ হাজৰিকা
দেওবাৰে অসম মৰাণ সভাৰ ৰাইডাঙ শাখা সমিতিৰ উদ্যোগত ৰাইডাঙ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত এক শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। সম্বৰ্ধনা অনুষ্ঠানটি কান্তেশ্বৰ মৰানে পৰিচালনা কৰে, যি সভাত নিৰ্দিষ্ট বক্তা হিচাপেও উপস্থিত আছিল। এই অনুষ্ঠানত মৰাণ শৈক্ষিক বিকাশ মঞ্চৰ উপ-সভাপতি যুগ্য ফুকন, অসম মৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কুসুম্বৰ নেওগ, বৰ্তমানৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ৰাজু মৰাণ, উপ-সভাপতি প্ৰদীপ নেওগ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
More news from Tinsukia and nearby areas
- আটছাঁৰ মাকুম শাখা সমিতিৰ উদ্যোগত মাকুম মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচীত মাকুম সম জিলাৰ আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা আৰু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।1
- সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত “শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশৰ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱা হয়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছিল আৰু আগন্তুক দিনত অধিক সাফল্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল। সদৌ মৰাণ ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব।1
- ঈদৰ প্ৰাকমুহূৰ্তত অসম-অৰুণাচল সীমান্তৰ শদিয়াত আৰক্ষী আৰু আঠখন মছজিদ কমিটিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি-শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি, সেই বিষয়ে এই আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।1
- আজি লাকুৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়। এই অভিনন্দন অনুষ্ঠানতে দুগৰাকী বিশেষ ছাত্ৰ-ছাত্ৰীক শাখা সাহিত্য সভাৰ ‘সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকন শৈক্ষিক ন্যাস পুঁজি বঁটা-২০২৬’ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ২০২৩ বৰ্ষৰ পৰা ক্ৰমাগতভাৱে এই বছৰ চতুৰ্থবাৰৰ বাবে লাকুৱাৰ ম’ডেল ইংলিছ স্কুলে ‘শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে।1
- মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে আটাছুৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।1
- পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই চৰকাৰৰ ভূমিকাত গভীৰ হতাশা ব্যক্ত কৰিছে। এই হতাশাৰ বাবেই তেওঁ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ নিজৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।1
- “কথাৰে নহয়, কামেৰে পৰিচয়”— এই বাক্যশাৰীকে বাস্তৱ ৰূপ দি ৫৫ নং ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ নব-নিৰ্বাচিত বিধায়ক মেহেবুব মুক্তাৰে আজি দ্বিতীয় দিনৰ বাবে সমষ্টিটোত মুঠ ৬ খনকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শপত গ্ৰহণ কৰাৰ পাছতেই বিধায়কগৰাকীয়ে ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি আহিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে আগবঢ়া দেখা গৈছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয়। স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।1
- দেওবাৰে অসম মৰাণ সভাৰ ৰাইডাঙ শাখা সমিতিৰ উদ্যোগত ৰাইডাঙ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত এক শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। সম্বৰ্ধনা অনুষ্ঠানটি কান্তেশ্বৰ মৰানে পৰিচালনা কৰে, যি সভাত নিৰ্দিষ্ট বক্তা হিচাপেও উপস্থিত আছিল। এই অনুষ্ঠানত মৰাণ শৈক্ষিক বিকাশ মঞ্চৰ উপ-সভাপতি যুগ্য ফুকন, অসম মৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কুসুম্বৰ নেওগ, বৰ্তমানৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ৰাজু মৰাণ, উপ-সভাপতি প্ৰদীপ নেওগ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1